ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু এজন যুৱ ভিডিঅ’সাংবাদিকৰ; পৰিয়ালৰ দাবী এয়া পৰিকল্পিত হত্যাকাণ্ডহে, কাৰণ.........

Accident

দেওবাৰে নিশা নগাঁৱৰ চামগুৰিত সংঘটিত হৈছিল এক ৰহস্যজনক পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাটোত এটা ব্যক্তিগত চেনেলৰ এজন ভিডিঅ’ সাংবাদিকে প্ৰাণ হেৰুৱাইছিল । নিশা চামগুৰিৰ বৰভেটিত ৰহস্যজনকভাৱে উদ্ধাৰ হয় যুৱ সাংবাদিক ধন্তী হীৰাৰ মৃতদেহ । 

আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, মৃত ধন্তী হীৰাই নিশা কাম পৰা ঘৰলৈ ঘূৰি যোৱাৰ সময়তে এক বাইক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছে । কিন্তু দুৰ্ঘটনাৰ ফলতেই যে যুৱ সাংবাদিকগৰাকীৰ মৃত্যু হৈছে সেয়া মানি ল’ব খোজা নাই পৰিয়ালৰ লোকে।

Accident

একাংশ লোকে জানিবলৈ দিয়া অনুসৰি, এজন বন্ধুৰ সৈতে বাইকত বহি গৈ আছিল ধন্তী। তাৰ পিছতে বৰভেটিত নিশা দুজন পথচাৰীক মহতিয়াই নিয়াৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথাও পোহৰলৈ আহিছে । এই দুৰ্ঘটনাৰ ফলত ধন্তী হীৰা বাইকৰ পৰা চিটিকি পৰিছিল যদিও বাইকখনৰ চালক তথা তেওঁৰ লগত থকা বন্ধুজন সেই স্থানৰ পৰা পলায়ন কৰিছিল। 

আনহাতে, দুৰ্ঘটনাৰ পিছতে চিটিকি পৰি আঘাতপ্ৰাপ্ত হোৱা ধন্তীক নিশা কোনো লোকে মাৰধৰ কৰাৰ ফলতেই তেওঁৰ মৃত্যু হোৱাৰো সন্দেহ প্ৰকাশ কৰা হৈছে । ধন্তীৰ মূৰৰ পিছফালে স্পষ্টভাবে আঘাতৰ চিনো পোৱা গৈছে আৰু মগজুৰ পৰা তীব্ৰ ৰক্তক্ষৰণ হোৱাৰ ফলতেই ধন্তীৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।

উল্লেখযোগ্য যে, প্ৰায় ৩বছৰ পূৰ্বে সাংবাদিকতাত যোগদান কৰা যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। ঘটনাটোৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাইকখন উদ্ধাৰ কৰে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

Category
Profile picture for user UB Photos