ডিফু মেডিকেল কলেজ হাস্পতাল(DMCH)ত উত্তেজনা

diphu

ডিফু মেডিকেল কলেজ হাস্পতাল(DMCH)ত উত্তেজনাময় পৰিস্থিতি।

ইন্টাৰ্ণশ্বীপ কৰি থকা এগৰাকী যুৱতী চিকিৎসকৰ গোপন অংশত হাত দিয়াৰ অভিযোগ।

ৱাৰ্ড বয় ৰঞ্জিত দাসৰ বিৰুদ্ধে যুৱতী চিকিৎসক গৰাকীয়ে DMCHৰ অধ্যক্ষক দাখিল কৰিছিল এই অভিযোগ।

ৱাৰ্ড বয় গৰাকীক শাস্তি প্ৰদানৰ দাবীত আজি ছাত্ৰ ছাত্ৰীসকল ওলাই আহি গ্ৰেপ্তাৰৰৰ দাবী জনায়।

বৰ্তমান আৰক্ষীয়ে ৰঞ্জিত দাসক আটক কৰি DMCHৰ পৰা লৈ যায়।

ইপিনে ৰঞ্জিৎ দাসক আটক বিৰুদ্ধে জাঙুৰ খাই উঠিছে DMCHৰ কৰ্মচাৰীসকল।

তেওঁলোকৰ মতে ৰঞ্জিত দাস নিৰ্দোষী আৰু তেনে ঘৃণনীয় কাম কৰা নাই ৰঞ্জিত দাসে।

তেওঁলোকৰ মতে কৰ্তব্যৰত অৱস্থাত অচেতন হৈ পৰি গৈছিল যুৱতী চিকিৎসক গৰাকী।

সেয়েহে তেওঁ আন এগৰাকী নাৰ্চৰ কথা মতে তাই উঠাই লৈ গৈছিল নাৰ্ছ ৰূমলৈ।

চেতনা অহা পাছত তাই ৱাৰ্ড বয় গৰাকীয়ে তাইৰ গোপন অংশত হাত দিয়া বুলি অধ্যক্ষক অভিযোগ দিছিল।

ইপিনে DMCHৰ কৰ্মচাৰীসকলে CCকেমেৰা ভিজুৱেল পৰীক্ষা কৰাৰ দাবী জনোৱাৰ লগতে ৱাৰ্ড বয় গৰাকীৰ মুক্তিৰো দাবী জনাইছে।

Category