অভিষেক মেচতে প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈ যশস্বী জয়ছোৱালৰ দুৰ্দান্ত শতক অৰ্জন!

jaswal

ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছে ডমিনিকাত । টীম ইণ্ডিয়াৰ ডেবিউ বেটছমেন যশস্বী জয়ছোৱালে এই অভিষেক মেখনত খেলিছে । ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত তেওঁ এই কৃতিত্ব অৰ্জন কৰে।

কিছুদিন পূৰ্বে পূৰ্ণাংগ শৃংখলা খেলাৰ উদ্দেশ্যে ৱেষ্ট-ইণ্ডিজলৈ বুলি উৰা মাৰিছিল টীম ইণ্ডিয়া। দেশখনত টেষ্ট-এদিনীয়া আৰু টী-২০ শৃংখলা খেলিব ভাৰতে। 

jaswal

উল্লেখ্য যে,  ১২ জুলাইৰ পৰা আৰম্ভ হৈছে শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ। মেচৰ দ্বিতীয় দিনা ভাৰতৰ অ'পেনিঙ যুটি ৰোহিত শৰ্মা আৰু যশস্বী জয়ছোৱালে শতক অৰ্জন কৰে।

আনহাতে, আনগৰাকী অ'পেনাৰ জয়ছোৱালে বিৰাট কোহলিক সংগী হিচাপে লৈ ১৪৩ ৰানত বেটিং কৰি আছে । ক্ৰিজত আছে কোহলি ৩৬ ৰান আৰু জয়ছোৱাল ১৪৩ ৰান ।

উল্লেখ্য যে, ভাৰতৰ স্পীন আক্ৰমণত তিষ্ঠিব নোৱাৰা ঘৰুৱা দলটোৱে প্ৰথম দিনাই ১৫০ ৰানত আটাইকেইটা উইকেট হেৰুৱাইছিল।

Category
Profile picture for user UB Photos