চাৰ্জশ্বীট দাখিলৰ বাবে মাজত মাত্ৰ দুটা দিন! ন্যায় পাব নে সংগীতা–ৱালিউলৰ দ্বাৰা নিৰ্যাতিত শিশুকেইটিয়ে?

Sangita Dutta

শিশু নিৰ্যাতনৰ জঘন্য ঘটনাই কপাই তুলিছিল সমগ্ৰ ৰাজ্য । ভদ্ৰ মানুহৰ মুখা পিন্ধি শিশু নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছিল চিকিৎসক দম্পতী সংগীতা–ৱালিউলে । এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল ৫ মে’তাৰিখে । চিকিৎসক দম্পতীৰ ঘৰত কিদৰে নিৰ্যাতনৰ বলি হৈছিল কণমানি শিশু।

sangita dutta

উল্লেখ্য যে, The Code Of Criminal Procedure চমুকৈ CRPC ১৭৩ - ১(ক) ধাৰা অনুসৰি ঘটনাৰ দুমাহৰ ভিতৰত তদন্ত শেষ কৰি দাখিল কৰিব লাগে চাৰ্জশ্বীট । এতিয়া প্ৰশ্ন হয় দুমাহৰ ভিতৰত শিশু নিৰ্যাতনকাৰী সংগীতা–ৱালিউলৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দাখিল কৰিব পাৰিব নে চাৰ্জশ্বিট? CRPCত নিৰ্ধাৰিত সময়ৰ ভিতৰত চাৰ্জশ্বিট দিব লৈ সক্ষম হ’বনে মহানগৰ আৰক্ষী? 

Sangita Dutta

আনহাতে,  POCSOৰ ৩৫ (২) ধাৰাত উল্লেখ থকা অনুসৰি ভুক্তভোগী পৰিয়াল তথা শিশুৱে এবছৰৰ ভিতৰত পাব লাগে ন্যায়। পিছে, চাৰ্জশ্বীট দাখিলত যদি পলম হয় তেন্তে এবছৰত ন্যায় পাবলৈ কিদৰে সম্ভৱ হ’ব ৷

চিকিৎসক দম্পতীৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪৫ দিনত তদন্ত শেষ কৰাৰ নিৰ্দেশ দিছিল অসম আৰক্ষীক ৷ তাৰপিছতো অসম আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে ঘটনাটো লৈছে সেয়া হৈ পৰিছে লক্ষণীয়। 

আনহাতে, এতিয়া প্ৰশ্ন হৈছে নিৰ্ধাৰিত ৬০ দিনত সংগীতা ৱালিউল–কাণ্ডৰ দাখিল হ’ব নে চাৰ্জশ্বীট?
 

Category