ঝাৰখণ্ডত বিক্ৰী নহ’ল বিজেপিৰ টেঙা আম, পুনৰ ক্ষমতালৈ JMM-কংগ্ৰেছ-RJD মিত্ৰ জোঁট। ২০১৪-২০১৯ৰ লোকসভা নিৰ্বাচন, ২০১৬-২০২১ৰ বিধান সভা নিৰ্বাচনত অসমৰ পৰা বাংলাদেশী বহিস্কাৰ আছিল বিজেপিৰ মূল প্ৰতিশ্ৰুতি ৷ কিন্তু ক্ষমতা লাভৰ পিছত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে অসমৰ বিদেশী সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে ৷ এইবাৰ ঝাৰখণ্ডতো বিজেপিৰ মূল ইছ্যু আছিল বাংলাদেশী বহিস্কাৰ।
ঝাৰখণ্ডৰ বিজেপিৰ প্ৰতিখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰতিজন নেতাৰ মুখত উচ্চাৰিত হৈছিল বাংলাদেশী বহিস্কাৰৰ প্ৰসংগ ৷ ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বে অসমত দিয়াৰ দৰেই ঝাৰখণ্ডতো- অমিত শ্বাহে দিছিল বিচাৰি বিচাৰি বিদেশী খেদাৰ প্ৰতিশ্ৰুতি
মাথোঁ বাংলাদেশী বহিস্কাৰেই নহয়- অসমৰ আৰ্হিত NRC প্ৰস্তুতৰো প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। কিন্তু বিজেপিৰ এই বাংলাদেশী বহিস্কাৰৰ প্ৰতিশ্ৰুতিয়ে গুৰুত্ব নাপালে ঝাৰখণ্ডত ৷ এক কথাত অসমত বেচা টেঙা আম বিক্ৰী নহ’ল ঝাৰখণ্ডত ৷ মাথোঁ বিদেশী খেদাৰ প্ৰতিশ্ৰুতিয়েই নহয়, সমান্তৰালভাবে হেমন্ত ছ’ৰেণৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগেৰেও নিৰ্বাচনমুখী ঝাৰখণ্ডৰ পৰিৱেশ উত্তাল কৰিছিল বিজেপিয়ে ৷
সিমানেই নহয়, দুৰ্নীতিৰ গোচৰত হেমন্ত ছ’ৰেন কাৰাৰুদ্ধ হৈ থকাৰ সময়ত তেওঁৰ ঠাইত চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীৰ পৰা ৩ জুলাইলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা চম্পাই ছ’ৰেনক JMMৰ পৰা বিজেপিলৈ নি দিয়া হৈছিল আন এক চমক ৷ কিন্তু এই সকলো চেষ্টাই বিফল হ’ল বিজেপিৰ ৷ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ পত্নী কল্পনা ছ’ৰেণৰ আগ্ৰাসী প্ৰচাৰত থমকি ৰ’ল বিজেপিৰ বিজয়ৰ ৰথ ৷
- Log in to post comments