উত্তৰ প্ৰদেশত মছজিদৰ সমীক্ষাক লৈ উত্তাল পৰিস্থিতি
ছাম্ভাল জামা মছজিদৰ সমীক্ষা চলোৱাক লৈ হিংসাত্মক প্ৰতিবাদ
ঘটনাস্থলীত প্ৰশাসন আৰু আৰক্ষীক দেখি উত্তপ্ত হৈ পৰে পৰিৱেশ
আদালতৰ নিৰ্দেশমৰ্মে ছাম্ভাল জামা মছজিদত উপস্থিত হৈছিল প্ৰশাসন
পুৱা ৬.৩০ বজাত জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষকৰ নেতৃত্বত গৈছিল দল
ঘটনাস্থলীত সহস্ৰাধিক ধৰ্মীয় সংখ্যালঘুৰ লোকে আৰক্ষীৰে লিপ্ত হয় সংঘাতত
উন্মত্ত জনতাই আৰক্ষী বাহিনীৰ ওপৰত শিল নিক্ষেপ কৰাৰ লগতে কেইবাখনো বাহনত অগ্নিসংযোগ কৰে।
উল্লেখ্য যে ছাম্ভাল জামা মছজিদত শ্ৰীহৰিহৰ মন্দিৰৰ অৱস্থিতি থকা বুলি হিন্দু পক্ষই দাখিল কৰিছিল এক আবেদন। সেই আবেদনৰ ভিত্তিতে আদালতে মছজিদৰ সমীক্ষা চলাই ২৬ নৱেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিছিল নিৰ্দেশ। মছজিদ এলেকাত যোৱা ১৯ নৱেম্বৰতো চলোৱা হৈছিল সমীক্ষা। দেওবাৰে পুনৰ প্ৰশাসনে এই সমীক্ষা চলাবলৈ উপস্থিত হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি।
- Log in to post comments