'বগা শংখৰ খাৰো এজোৰ দিবলৈ জ্ঞান নহ'ল! Sunsilk চেম্পু মই ব্যৱহাৰেই নকৰোঁ'! ভুল আচলতে কাৰ? দৰাৰ নে কইনাৰ?

Marriage

সামাজিক মাধ্যমত এতিয়া এখন বিয়াক লৈ ব্যাপক চৰ্চা। দৰাৰ ঘৰ গুৱাহাটীৰ হেঙেৰাবাৰীৰ লিচু বাগানত আৰু কইনাৰ ঘৰ হাউলীত। জোৰোণত মনে বিচৰা সামগ্ৰী নোপোৱাৰ অভিযোগ দিছিল কইনাই। দৰা দিব্যজ্যোতি কলিতাই দেখুৱালে WhatsApp ৰ মেছেজ। মেছেজত আছিল ' এইবোৰ বস্তু দিছা। মাত্ৰ ৫ যোৰ কাপোৰ দিছা! সৰু ক্ৰীম লৈ জোৰোণ দিব আহিছা। Sunsilk Shampoo মই ব্যৱহাৰ নকৰো । বিয়া পতাৰ যোগ্য নহলে বিয়া পাতিবই নালাগে । তোমাৰ চাকৰি আৰু পইচাৰ মোৰ আগত কোনো মূল্য নাই ।' আৰু এই মেছেজ খিনিৰ কাৰণেই ঘটিল অথন্তৰ। এইবোৰ কথাত অপমানিত হৈয়ে দৰা দিব্যজ্যোতি তালুকদাৰে বিয়া নপতাৰ সিদ্ধান্ত লয়।

Marriage 2

আনহাতে কইনাঘৰৰ অভিযোগ দৰাঘৰে বিচাৰিছিল যৌতুক । যৌতুক দিবৰ বাবে অমান্তি হোৱাত নিবলৈ নাহিল কইনা। কইনা ঘৰে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত দিব্যজ্যোতি তালুকদাৰে এতিয়া কইনা ঘৰে তুলা অভিযোগ সম্পূৰ্ণ মিছা বুলি প্ৰকাশ কৰি তেঁওৰ সপক্ষে তথ্যপ্ৰমাণ দাঙি ধৰে। এতিয়া ভুল আচলতে দৰা পক্ষৰ আছিল নে কইনা পক্ষৰ সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Category
Profile picture for user UB Photos