''মোৰ মৃত্যুৰ পিছত চিঠিখন খুলিবা, বিশ্বাস ৰাখিবা”, কাব্যঋষিয়ে দি যোৱা ১৯ বছৰে বন্ধ চিঠিখামত আচলতে কি আছে?

Nilamoni Phukan

ৰহস্য, ষড়যন্ত্ৰ আৰু বহু কিবা কিবি ৷ কাব্যঋষিৰ মৃত্যুৰ পিছত এখন চিঠিৰ প্ৰসংগ ৷ সকলোৱে নজনা বহু কিবাকিবি আছে চিঠিখনত ৷ বিশিষ্ট সাংবাদিক, স্তম্ভ লেখক নিত্য বৰাৰ হাতত আছে কাব্যঋষী নীলমণি ফুকনে লিখি থৈ যোৱা এখন বিস্ফোৰক চিঠি ৷ বেংকৰ লকাৰত আছে নীলমণি ফুকনে বৰালৈ লিখা চিঠিখন ।

৬০-৭০ দশকত কলীয়া ডাৱৰে আৱৰি ধৰিছিল কাব্যঋষি গৰাকীক। জ্ঞানপীঠ বঁটা বিজয়ী গৰাকীক এচামে কবিতা চুৰি কৰা অভিযোগত অভিযুক্ত কৰছিল। বোধ হয় সেই কাহিনীয়েই তেখেতে চিঠি খনত লিখি গৈছে।চিঠি খনৰ খামত ৰঙা তিয়াহীৰে গোট গোট আখৰেৰে লিখিছিল মই যোৱাৰ পিছতহে চিছি খন খুলিবা, বিশ্বাস ৰাখিবা।খামটোৰ ওপৰত ঠিকনা আছিল বিশিষ্ট চিন্তাবিদ, সম্পাদক, সাংবাদিক নিত্য বৰাৰ। নীলমণি ফুকনে ২০০৪ চনতেই চিঠি খন নিত্য বৰাক দিছিল।

২০০৪ত অনুতাপ,দ্বন্দ আৰু বহু কিবা কিবিৰে নিত্য বৰাই কাকতত লিখা এটা লেখাৰ প্ৰত্যুত্তৰত চিঠিখন প্ৰেৰণ কৰিছিল নীলমণি ফুকনে ৷  ৷ চিঠিখনৰ খামত লিখিছিল, ''মোৰ মৃত্যুৰ পিছত চিঠিখন খুলিবা, বিশ্বাস ৰাখিবা," কাব্যঋষি গ'লগৈ ৷ নিত্য বৰাই কাব্যঋষিৰ মৃত্যুৰ দিনটোত খোলা নাই চিঠিখন ৷ বৰাই চিঠিখন ৰাজহুৱা কৰিব নীলমণি ফুকনৰ স্মৃতিচাৰণ নতুবা আন কোনো ৰাজহুৱা অনুষ্ঠানতহে ৷ ষড়যন্ত্ৰকাৰী কোন আছিল কাব্যঋষিৰ ৰাজহুৱা হ'ব ১৯ বছৰে বন্ধ খামৰ ভিতৰত থকা চিঠিখনৰে ৷

"মই ছাত্ৰ আছিলো ছাৰৰ ৷ মই সম্পাদক নাছিলো 'আমাৰ প্ৰতিনিধি'ৰ ৷ সম্পাদক আছিল ড৹ ভূপেন হাজৰিকা ৷ মই ছাৰক ভাল পাইছিলোঁ, কিন্তু কাকতালীয়ভাৱে ছাৰৰ বিৰুদ্ধে কবিতা চুৰিৰ অভিযোগ পত্ৰখন মোৰ হাততে পৰিছিল ৷ মই সাংবাদিকৰ ধৰ্ম পালন কৰি প্ৰচণ্ড খং ক্ষোভেৰেই পত্ৰখন তুলি দিছিলোঁ ৷ তাৰ পিছতে অসমৰ ৰাইজে ভিলেইন সজালে কাব্যঋষি গৰাকীক ৷ মোৰ মাজত দ্বন্দ থাকি গ'ল ৷ ২০০৪ত মই যেতিয়া কথাখিনি লিখিলোঁ ছাৰে মোলৈ চিঠিখন দিলে ৷ মোক বিশ্বাসত দিয়াৰ কাৰণে মই সেই বিশ্বাস ৰাখিছোঁ ৷ মই চিঠিখন বেংকৰ লকাৰত থৈ দিছোঁ ৷ মোৰ বয়স এতিয়া ৮০বছৰ ৷ কোন দিনা কি হয় মই নাজানোঁ ৷ গতিকে মোৰ ব্যক্তিগত চিঠি যদিও সেইখন মই ৰাজহুৱা কৰিম ৷"নিত্য বৰা। নিত্য বৰাই লগতে ক'লে, "ফুকন ছাৰে জাতিটোক,ভাষাটোক বৰ ভাল পাইছিল ৷ মোক কৈছিল  নিত্য, মোৰ আইৰ মুখৰ ভাষাটোক যাবলৈ নিদিবা ৷ সাহিত্যিক,কবিসকলৰ মাজতো থাকে ঈৰ্ষা, সেই ঈৰ্ষাৰে বলি হৈছিল মানুহজন ৷ কাব্যঋষি গৰাকীক খুব ওচৰৰ পৰা জানিছিল,বুজিছিল ভৱেন বৰুৱা,নৱকান্ত বৰুৱা,ভৱেন্দ্ৰনাথ শইকীয়া, হীৰেণ গোঁহাই, হৰেকৃষ্ণ ডেকা আদিয়ে ৷"

এতিয়া অপেক্ষা মাথো সেই দিনটোলৈ। যিটো দিনত খোলা হব ১৯ বছৰে বন্ধ চিঠি খামটোৰ। আৰু সেইদিনটোতে উদঘাটন হব বহু ৰসহ্য আৰু ষড়ষন্ত্ৰৰ।

Category
Profile picture for user UB Photos