উগ্ৰপন্থীৰ নৃশংসকাণ্ড, ৪৩জনক শিৰশ্ছেদ

উগ্ৰপন্থীৰ নৃশংসকাণ্ড,৪৩জনক শিৰশ্ছেদ

নাইজেৰিয়াত উগ্ৰপন্থীৰ নৃশংসকাণ্ড,৪৩জনক শিৰশ্ছেদ

 

 আফ্ৰিকান দেশ নাইজেৰিয়াত ইছলামিক সন্ত্ৰাসবাদীৰ নৃশংস কাণ্ড। পথাৰত কাম কৰি থকা ৪৩ জন গঞাঁক হাত-ভৰি বান্ধি ডিঙি ৰেপি ৰেপি নৃশংসভাৱে হত্যা কৰে।দেশখনৰ দুৰ্ধষ সন্ত্ৰাসবাদী সংগঠন বোকো হাৰামে দীৰ্ঘদিন ধৰি দেশ খনত কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ লগতে নিৰীহ লোকক নিৰ্বিবাদে হত্যালীলা চলাই আহিছে। শনিবাৰে উত্তৰ পৃব নাইজেৰিয়াৰ মাইথুগুৰি চহৰৰ দাঁতিকাষৰীয়া গাঁও এখনৰ পথাৰত  নিশা কাম কৰি থকা শ্ৰমিকক হঠাতে বোকো হাৰামৰ সন্ত্ৰাসবাদী দল এটাই অতৰ্কিতে আক্রমণ কৰি প্ৰায় ৪৩ জনকৈ শ্ৰমিকক ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৰ সদস্যই বান্ধি পেলাই ।আটাইকেইজন শ্ৰমিকক ধৰি হাত -ভৰি বান্ধি ডিঙি ৰেপি হত্যা কৰে।এই আক্রমণৰ পৰা কথমপি ৰক্ষা পৰে শ্ৰমিক নেতা এজন।পিচত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ ডিঙি কটা অৱস্থাত উদ্ধাৰ কৰে ৪৩ টাকৈ মৃতদেহ।উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনেদৰে নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল সন্ত্ৰাসবাদী সংগঠটোৱে। হত্যা কৰা শ্ৰমিকসকলক চোৰাংচোৱা তথা সেনাৰ বাহিনীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ সন্দেহ কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।আনহাতে এই নৃশংস হত্যাকাণ্ডক নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি মহম্মদ বুহাৰীয়ে তীব্ৰ ভাষাৰে গৰিহনা দিছে। স্মতব্য যে পথাৰ খনত ৬০ জনকৈ শ্ৰমিকে কাম কৰি আছিল ।বোকো হাৰামে পথাৰ খনত আহি আক্রমণ কৰাৰ সময়ত ৪৩জন শ্ৰমিকক বান্ধি পেলোৱাৰ সময়ত এন্ধাৰৰ সূযোগ লৈ আন ১৭জন শ্ৰমিক পলায়ণ কৰিবলৈ সক্ষম হয়। যোৱা অক্টোবৰ মাহতো ২২জন কৃষকক পথাৰত কাম কৰি থকা অৱস্থাতে নৃশংসভাৱে হত্যা কৰিছিল।

Category