ক্ৰিকেটপ্ৰেমীৰ আশাত চেচাঁপানী! বৰষুণৰ বাবেই বাতিল হ'ল ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ ৱাৰ্ম আপ মেচ.....

cricket

বতৰৰ বিধিপথালি! আজি গুৱাহাটীৰ বৰ্ষাপাৰাত আছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত বিশ্বকাপৰ ৱাৰ্ম আপ মেচ। দুপৰীয়া ২ বজাৰ পৰা খেল আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু খেল আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে আৰম্ভ হয় বৰষুণ। যাৰ ফলত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেল বাতিল হয়।

Cricket

 

Cricket

ক্ৰিকেটপ্ৰেমীসকলে বহু আশাৰে বাট চাই ৰৈছিল এই খেলখনৰ বাবে। খেলৰ পূৰ্বে দৰ্শকেৰে ভৰি পৰিছিল বৰ্ষাপাৰা ষ্টেডিয়াম। ভাৰতীয় দলে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু খেল আৰম্ভ হোৱাৰ মাত্ৰ ৫ মিনিট পূৰ্বে বৰ্ষাপাৰাত আৰম্ভ হয় বৰষুণ। 

Cricket

 

Cricket

প্ৰথমে খেলখন কিছুসময় পলমকৈ আৰম্ভ হ’ব বুলি আশা কৰা হৈছিল। কিন্তু ক্ৰমাৎ বৰষুণ বেছি হোৱাৰ ফলত শেষত খেল বাতিল কৰিবলগীয়া হয়। বৰষুণে চেঁচাপানী পেলালে ক্ৰিকেটপ্ৰেমীৰ আশাত।

Category
Profile picture for user UB Photos