Conflict

পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ দুই ফৈদৰ মাজত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এই ঘটনাত আহত হৈছে এজন লোক। কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাটো।

জানিব পৰা মতে পাৰিবাৰিক কণ্ডলৰ বাবেই সংঘটিত হৈছে এই ঘটনা। প্ৰথমে দুই পক্ষৰ মাজত মাৰপিট, তাৰ পাছতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। উল্লেখ্য যে, বৰখলাৰ শুভং জিপিৰ তেলিয়া পুঞ্জিৰ একেটা পৰিয়ালৰ বাসিন্দা উকিলৰ লেমিনকৰ আৰু ডিমছ পোপলেটৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আহিছিল।