পাৰিবাৰিক কণ্ডলৰ ফলত গুলীবিদ্ধ এজনলোক......

firring

পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতিঃ দুই ফৈদৰ মাজত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা। এই ঘটনাত আহত হৈছে এজন লোক। কাছাৰৰ বৰখলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাটো।

জানিব পৰা মতে পাৰিবাৰিক কণ্ডলৰ বাবেই সংঘটিত হৈছে এই ঘটনা। প্ৰথমে দুই পক্ষৰ মাজত মাৰপিট, তাৰ পাছতে সংঘটিত হয় গুলীচালনাৰ ঘটনা। উল্লেখ্য যে, বৰখলাৰ শুভং জিপিৰ তেলিয়া পুঞ্জিৰ একেটা পৰিয়ালৰ বাসিন্দা উকিলৰ লেমিনকৰ আৰু ডিমছ পোপলেটৰ মাজত দীৰ্ঘদিন ধৰি কাজিয়া চলি আহিছিল। 

firring

 

মঙ্গলবাৰৰ দিনা এই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ আৰম্ভ হয় দুয়োজনৰ মাজত মাৰপিট ৷ দুয়োৰে মাজত মাৰপিট চলি থকাৰ মাজতে পোপলেটে হঠাৎ বন্দুকেৰে লেমিনকৰলৈ লক্ষ্য কৰি গুলী চালনা কৰে ৷ ফলত গুলীবিদ্ধ হয় লেমিনক ৷ 

আহত লেমিনকক লগে লগে বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষীৰ এটা দল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পোপলেটক ৷ ধৃত পোপলেটকৰ স্বীকাৰউক্তিৰ ভিত্তিত ঘৰত তলাচী চলাই আৰক্ষীয়ে এটা হস্তনিৰ্মিত বন্দুক জব্দ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷  

Category
Profile picture for user UB Photos