ৰণক্ষেত্ৰত পৰিণত জোনাই মাজিআলি মুমমুনি চাপৰি!গো-পালক আৰু খেতিয়কৰ মাজত সংঘাত........

Dhemaji

ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত জোনাইৰ মাজিআলি মুনমুনি চাপৰিত পুনৰ উত্তেজনা ৷ গো-পালক আৰু খেতিয়কৰ মাজত সংঘাত ৷ মঙলবাৰে সন্ধিয়া সময়ত সৃষ্টি হয় এই উত্তেজনাময় পৰিস্থিতিৰ ৷ 

dhemaji

উল্লেখ্য যে, জোনাইৰ মাজিআলি মুনমুনি চাপৰিত সময়ে সময়ে গো-পালক আৰু খেতিয়কৰ মাজত সৃষ্টি হৈ অহা সংঘাতে মঙলবাৰে সন্ধিয়া গুৰুতৰ ৰূপ ধাৰণ কৰে ৷ সন্ধিয়া কেইবাশতাধিক উত্তেজিত খেতিয়কে হাতে হাতে দা- লাঠী, চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে চাপৰিৰ গো-পালকক ৷ খেতিয়কৰ আক্ৰমণৰ ফলত প্ৰায় ১১ জনতকৈও অধিক গো-পালক আহত হয় ৷ ইয়াৰে পাচঁজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে, গো-পালকসকলে নিজা খুটিত এখন সভা অনুষ্ঠিত কৰি থকা অৱস্থাতে কেইবাশতাধিক উত্তেজিত খেতিয়কে হাতে হাতে চোকা অস্ত্ৰ, জাঠি-জোং লৈ সভা কৰি থকা গো-পালকক সকলক আক্ৰমণ কৰে ৷ এই আক্ৰমণত আহত ১১ জন গো-পালকক জোনাই অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে, লগতে সংকটজনক অৱস্থাত থকা পাচঁজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

dhemaji

চিকিৎসাধীন হৈ থকা আহত কেইজন হৈছে খগেন কুলি, ৰাজেশ পাইত, কানাই পেগু, তাপাই পাতিৰ, লীলাধৰ কুলি, দিননাথ কুটুম, বিদ্যা পেগু, কৃষ্ণ কান্ত পেগু, চক্ৰজিত চাহৰ, গংগা পাতিৰ, ভীস্মকান্ত পেগু ৷ এই ঘটনাক লৈ অঞ্চলটোত এক চেঁপা উত্তেজনাই বিৰাজ কৰিছে ৷
 

Category
Profile picture for user UB Photos