Dergaon

দেৰগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত একাংশ সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি‌। উত্তেজিত একাংশ উদণ্ড যুৱকে চকী ভাঙি এক অপ্ৰিতিকৰ পৰিস্থিতিৰ সূচনা কৰে। 

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদযাপন সমিতিৰ লগতে আৰক্ষীয়ে বাৰম্বাৰ সতৰ্কতা জাৰি কৰে। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উদণ্ড যুৱকসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে, অসমবাসীৰ হার্টথ্রব জুবিন গাৰ্গে যোৱা নিশা ভাৰতীয় নৃত্য-সংগীত মহোৎসৱ আৰু নৃত্যাঞ্জলি বঁটা ২০২৪’ৰ সামৰণি অনুষ্ঠান দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰত গীত পৰিৱেশন কৰে।