কাৰ ভুলৰ বাবে সংঘটিত হ’ল দেৰগাঁৱৰ মৰ্মান্তিক দুৰ্ঘটনা? নিমিষতে শেষ হৈ গ'ল দুটাকৈ পৰিয়াল.......

dergaon

দেৰগাঁৱৰ বালিজানত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত ১৫গৰাকী লোকৰ কৰুণ মৃত্যু। নিহতৰ ভিতৰত আছে ৩ শিশুসহ মহিলাও। গুৰুতৰভাৱে আহত ২৪জন লোক। আলট্ৰা বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, ভুল পথেৰে আহি আছিল কয়লাভৰ্তি অভাৰলোডেড ট্ৰাকখন। যাৰ ফলতে বাছখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। পুৱা অতিমাত্ৰা কুঁৱলি থকাৰ বাবে বাছৰ চালকে হয়তো বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনৰ কোনো উমান পোৱা নাছিল। অভাৰলোডেড ট্ৰাকখন ভুল দিশৰ পৰা আহি থকা বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

এই পথ দুৰ্ঘটনাত আহতক সংকটজনক অৱস্থাত JMCHত ভৰ্তি কৰোৱাৰ লগতে মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা । জানিব পৰা মতে, বনভোজলৈ গৈছিল গোলাঘাটৰ বচাভৰলুৰ দলটো। তাৰ পৰা টিলিঙা মন্দিৰলৈ বুলি গৈছিল দলটো। পুৱা ৫ বজাত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাটো।

উল্লেখ্য যে, দলটোত আছিল ৪৫গৰাকী বনভোজকাৰী। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS-02AC-5383। নিহত হৈছে ট্ৰাকখনৰো কৰ্মচাৰী। নিহতসকলঃ অনিমা শইকীয়া (৬০), শুভাংকৰ শইকীয়া (১৩), নিহাৰিকা (১০), দীপালী শইকীয়া (৩৭), নৱজিত শইকীয়া (৪০), পিংকী শইকীয়া (৪৮), ৰিংকী বৰা (১৮), ট্ৰাক চালক নুৰ আলম হক। নিহত কেইবাজনো একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে। 

আনহাতে, দুৰ্ঘটনাত আহতঃ নৱনিতা শইকীয়া, ধ্ৰুৱজ্যোতি বৰা, মাধুৰ্য শইকীয়া, প্ৰাচুৰ্য শইকীয়া, জোনালী বৰা শইকীয়া, কৌশিক শইকীয়া, চিন্ময় শইকীয়া, বুলু শইকীয়া, ৰুলী শইকীয়া বৰা, কুলমণি শইকীয়া, চিত্ৰলেখা বৰা, দিপ্তী শইকীয়া, মৃদুল শইকীয়া, বিজিত শইকীয়া, অৰূপ শইকীয়া, অৰ্চনা শইকীয়া, প্ৰীতি শইকীয়া, অভিজিৎ শইকীয়া, বিতোপন শইকীয়া, লক্ষী শইকীয়া আদি। 

Category
Profile picture for user UB Photos