জঘন্য! নিজ পিতৃ-মাতৃয়ে হত্যা কৰিলে কন্যাক...

Murder Case

দেৰগাঁৱত সংঘটিত হৈছে এক জঘন্য কাণ্ড! নিজ পিতৃ-মাতৃৰ হাতত প্ৰাণ গ’ল কন্যাৰ, ব্ৰহ্মপুত্ৰ অঞ্চলৰ গড়মৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা। কুশল শইকীয়া আৰু ৰঞ্জু শইকীয়া দম্পত্তীয়ে সংঘটিত কৰিলে এই ঘটনা।

নাভি কাটি দিয়াৰ ফলত মৃত্যু হ’ল কন্যা সন্তানটিৰ। পিতৃ-মাতৃয়ে নিজ মুখেৰে স্বীকাৰ কৰিছে নাভি কাটি দিয়াৰ কথা, কন্যা শিশুটি মৃত্যু হোৱাৰ পিছত পুটি থৈছিল ঘৰৰ বাকৰিত।

খকন্দগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ অসুস্থ মাতৃগৰাকীক লৈ অহাৰ পিছত চিকিৎসকে সন্তানটিৰ খবৰ লোৱাত পোহৰলৈ আহে তথ্য। পুনৰ খান্দি বস্তাত ভৰাই লৈ আহে সন্তানটি,  ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনা সমগ্ৰ অঞ্চলত।

Category
Profile picture for user UB Photos