অ মা, মই নাথাকো আৰু; মই আৰু ঘৰলৈ নাযাওঁ... এনেদৰেই ফেচবুকত ভিডিঅ' আপলোড কৰি চৰম সিদ্ধান্ত এজন যুৱকৰ........

golaghat

বিজয়া দশমী নিশাই দেৰগাঁৱত সংঘটিত হয় এক অঘটন। আৰক্ষী বাহনৰ চালকৰ অত্যাচাৰ সহিব নোৱাৰি চৰম পন্থা এজন যুৱকৰ। আত্মহত্যাৰ পূৰ্বেই ফেচবুকত ভিডিঅ’ আপলোড কৰে যুৱক জনে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

degaon

উল্লেখ্য যে, দেৰগাঁৱৰ নেঘেৰিটিং দ’লমুখত আত্মহত্যা কৰে যুৱকজনে। গছত চীপ লৈ আত্মহনন কৰা যুৱকজনৰ নাম অজয় দত্ত বুলি জানিব পৰা গৈছে। কোনো দোষ নথকাকৈ আৰক্ষী আৰু আৰক্ষীৰ বাহন চালকে প্ৰহাৰ কৰাৰ বাবে নিজকে শেষ কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে যুৱকজনে। লগতে ফেচবুকত আপলোড কৰা ভিডিঅ’ত আছে কেতবোৰ চাঞ্চল্যকৰ অভিযোগ।

maa

এই ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও টুইট কৰি দুখ প্ৰকাশ কৰিছে। লগতে DGP জি পি সিঙৰ নিৰ্দেশৰ পিছতে তৎপৰ গোলাঘাট আৰক্ষী। অজয় দত্তৰ বাসগৃহত উপস্থিত গোলাঘাটৰ আৰক্ষী অধীক্ষক। আত্মহত্যাৰ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে। 

GP singh

আনহাতে তেওঁ কয় যে, ঘটনাৰ লগত জড়িত থকা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা, পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰাৰো আশ্বাস SPৰ। উল্লেখ্য যে বিজয়া দশমীৰ নিশা গেলাবিল নদীৰ কাষত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ। 
 

Category
Profile picture for user UB Photos