
৮০ দশকত জামুগুৰিহাটৰ লালেটাপুৰত প্ৰকৃততে হৈছিল কি? চাৰিগৰাকী নাৰীৰ ধৈৰ্য, সাহস আৰু ত্যাগেৰে বুৰঞ্জীৰ বুকুত হেৰাই যোৱা তেজে ধোঁৱা এটা কাহিনীৰ নাম ৰঙাটাপু। ২৪ নৱেম্বৰৰ পৰা ৰাজ্যৰ প্ৰায় সংখ্যক ছবিগৃহতেই মুক্তি লাভ কৰিব আদিত্যম শইকীয়া পৰিচালিত ৰঙাটাপু-১৯৮২। বৃহস্পতিবাৰে অনুৰাধা চিনেমা হলত ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হয়। ৰঙাটাপু- ১৯৮২ এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস, অলিস্মিতা গোস্বামী প্ৰমুখ্যে বহু নপুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ইতিমধ্যে ছবিখনৰ প্ৰিমিয়াৰ সম্পন্ন হোৱাৰ পিছতে এতিয়া চৰ্চাত ৰঙাটাপু।
- Log in to post comments