Junmoni Rabha dead

বৰ্তমানো চিবিআয়ে অব্যাহত ৰাখিছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। শনিবাৰে ঘটনাৰ তদন্তৰ বাবে এছপি লীনা দলেক তলব কৰিছে তদন্তকাৰী দলটোৱে। লীনা দলেক নগাঁৱলৈ তলব কৰে চিবিআয়ে। 

উল্লেখ্য যে, প্ৰথমে দলে উপস্থিত হয় নগাঁও পুলিচ ৰিজাৰ্ভৰ আলহীগৃহত ৷ তাৰ পিছত উপস্থিত হয় নগাঁও আৰ্ৱত্ত ভৱনত ৷ ইপিনে আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াক চিবিআয়ে জেৰা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বেও ঘটনাৰ সন্দৰ্ভত আন কেইবাজনো বিষয়াক তলব কৰিছিল দলটোৱে।