হত্যা কৰা হ’ল নেকি জোনমণি ৰাভাক? জোনমণিৰ মৃত্যুত জড়িত নেকি শীৰ্ষ আৰক্ষী বিষয়া?

Junmoni

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে ন ন প্ৰশ্নৰ। ইটোৰ পিছত সিটোকৈ বিস্ফোৰক মন্তব্য জোনমণিৰ মাতৃৰ। মাতৃৰ ম’বাইলৰ পৰা তথ্য নোহোৱা কৰাৰ অভিযোগ। ডিলিট কৰা হ’ল মাকৰ ম’বাইলৰ বহুকেইটা নম্বৰ। ৰাজা ইৰ্শাদ নামৰ বিষয়াজনৰ বিৰুদ্ধে নম্বৰ ডিলিট কৰাৰ অভিযোগ। ‘কুম্বাং নামৰ আৰক্ষী বিষয়াই মুখ খোলাত বাধা দিছে মাতৃক’। জোনমণি ৰাভাক ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। শৰীৰত আঘাতৰ চিন থকাৰো অভিযোগ জোনমণিৰ পৰিয়ালৰ। সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ ভাতৃ-মাহীয়েকৰ। আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাইছে মাতৃয়ে। জীয়ৰীৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে মাতৃয়ে। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জোনমণিৰ মাতৃৰ। তদন্তত CIDৰ ওপৰত সন্দেহ পৰিয়ালৰ! CBI অথবা ন্যায়িক তদন্তৰ দাবী পৰিয়ালৰ। আৰক্ষী বিষয়া আভাজ্যোতি ৰাভা সন্দৰ্ভতো মন্তব্য মাতৃৰ। OC, SP, DSPৰ বিৰুদ্ধেও অভিযোগ। সমগ্ৰ ঘটনাত উচ্চপদস্থ বিষয়া জড়িত থকাৰ অভিযোগ মাতৃৰ। উল্লেখ্য যে জোনমণিৰ এটা ম’বাইল ফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে। কিন্তু আনটো ম’বাইলৰ এতিয়াও নাই কোনো সন্ধান। দুৰ্ঘটনাৰ নিশা উকা কাগজত মাতৃৰ টীপ চহী লৈছিল আৰক্ষীয়ে। নিশা কন্যাৰ মৃত্যুৰ কথা জনোৱা নাছিল আৰক্ষীয়ে। কন্যা সম্পূৰ্ণ সুস্থ থকা বুলি মাতৃক কৈছিল আৰক্ষীয়ে। এতিয়া প্ৰশ্ন হয় কিয় মাতৃৰ আগত জোনমণিৰ মৃত্যুৰ কথা গোপনে ৰাখিছিল আৰক্ষীয়ে? জোনমণিৰ মৃত্যুত জড়িত নেকি শীৰ্ষ আৰক্ষী বিষয়া?

 

Category
Profile picture for user UB Photos