এক গা কঁপি উঠা ফোনকলৰ ৰেকৰ্ডিং! জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য যেন এই ভাইৰেল ৰেকৰ্ডিং টোতে পাব!!!

Junmoni

গা শিয়ৰি কথা কথোপকথন। ভাইৰেল হৈ পৰিছে জোনমণি ৰাভাৰ দুৰ্ঘটনা আৰু সেই নিশা ঘটা কাহিনীৰ A to Z বিৱৰণ। এগৰাকী আৰক্ষী বিষয়াই  এজন ব্যক্তিৰ আগত বৰ্ণনা কৰিলে সেই কাহিনী। ভালদৰে পঢ়ক এই বিৱৰণ- ' জোনমণি মৰাৰ আগত নগাঁৱত তিনিপাকমান ঘুৰিছে। তাইৰ গাড়ীত কোন আছিল? OC, ASP ইহঁতে SPৰ লগত কি আলোচনা কৰিছে? তাৰ পাছত আধাঘণ্টা OC আহি থানাত চটৰ-পটৰ কৰি ঘুৰি ফুৰিছিল। ইফালে গৈছে-সিফালে গৈছে। নিতুল বৰা নামৰ এজনক লৈ OC ওলাই গ’ল। কৈছে- জোনমণিক কোনোবাই মাৰি আছে। ৰডেৰে কোবাইছে জোনমণিক। নগাঁও টাউনৰ ভিতৰতে কোনোবাই মাৰি আছে। আমি তাইক বিচাৰি ফুৰিছোঁ। ৰাতি ১২ মানত মাৰিছে তাইক। তাইক বিচাৰি ফুৰিছিলো আমি। ১২.১৫ মানত ৰিজাৰ্ভ ক্ল’জৰ এটা অৰ্ডাৰ আহিছে। ২.১৫ মানত থানালৈ খবৰ আহিছে তাইৰ স্পট ডেড হৈছে। তাৰ পাছত SP, OCএ জোনমণি ৰাভাৰ কোৱাৰ্টাৰত তালাচী চলাইছে। মৰাৰ পাছত তালাচী চলাইছে। প্ৰত্যক্ষদৰ্শীয়ে কৈছে– গাড়ীখন ৰখোৱা ১০ মিনিটমান পাছত খুন্দা মাৰিছে। গাড়ীখনত দুটা মানুহ আছিল। মানুহ দুটা পাব্লিক নে পুলিচ ক’ব নোৱাৰোঁ। জোনমণি মৰাৰ সময়ত ৰাভা নামৰ এজন পুলিচ আছিল। এই কথাটোৰ সত্যতা আৰু শুদ্ধতা ওলাব লাগে। জোনমণি যথেষ্ট সাহসী ছোৱালী। ৰাভাৰ লগত ওলাই গৈছিল জোনমণি। জোনমণিৰ গাড়ীখন ৰখাই থোৱা আছিল। ইফালৰ পৰা আহি ট্ৰাকখনে খুন্দা মাৰিছিল। জোনমণিয়ে এপাত জোতা পিন্ধি আছিল। আৰু এপাত জোতা পিছফালৰ ছিটত আছিল। তাইক হয়তো Rape কৰিব পাৰে সিহঁতি। জোনমণিৰ গাড়ীৰ পৰা দুজন মানুহ নামি গৈছিল। জোনমণি ঘৰৰ পৰা ওলাই যোৱা সময়ত হয়বৰগাঁও আউটপোষ্টৰ IC আভা জ্যোতি ৰাভা আছিল। মাকক সুধিলেও ক'ব। তাই মৰাৰ আগত OC, ASPএ SPৰ সৈতে কি কথা পাতিছিল। তাই গাড়ীখন তিনিপাকমান মাৰিছে নগাঁৱত। নগাঁৱত আৰু সম্ভৱত গাড়ীখন চলাইছিল হয়বৰগাঁৱৰ ICএ। পাছতে গাড়ীখন কলিয়াবৰ অভিমুখে গৈছিল। জোনমণি ৰাভাৰ মৃত্যুত আৰক্ষী জড়িত হৈ আছে। ইয়াৰ তদন্ত CID ক দিব নালাগিছিল। CID তটো পুলিচৰ মানুহেই থাকে। CBI ক দিব লাগিছিল Case টো। তই এইখিনি ভালকৈ বনাই Media ত দি দিদে। তাই সুখ পাওক।

অৱশ্যে এই কথোকথনৰ সত্যাসত্য বৰ্তমানলৈকে নিৰূপন কৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ আনিব পাৰিব নে CID য়ে? নে জোনমণিৰ লগতে গুচি যাব বহুতো আধৰুৱা প্ৰশ্নৰ উত্তৰ?

Category
Profile picture for user UB Photos