Sangeeta Dutta

ইতিমধ্যে চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ ন-ন তথ্য পোহৰলৈ আহিছে । সংগীতা-ৱালিউলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শুকুৰবাৰে দাখিল কৰা আন এক অভিযোগনামাত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, চিকিৎসক দম্পতীয়ে জি এম চি এইছৰ পৰা অবৈধভাৱে ক্ৰয় কৰিছিল নিজ সন্তান বুলি পৰিচয় দিয়া দুই শিশুক। পূৰ্বতে যমজ সন্তান বুলি দাবী কৰা দুয়োটা শিশুয়েই বেলেগ বেলেগ মাতৃৰ বুলি শুকুৰবাৰৰ অভিযোগনামাত প্ৰকাশ পাইছে।