ইটোৰ পিছত সিটো ভয়ংকৰ তথ্য প্ৰকাশ পাইছে ৰাজ্য কঁপোৱা শিশু নিৰ্যাতন কাণ্ডৰ। চিকিৎসক দম্পত্তি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই তুলনীয়া দুই কণমানিক নিৰ্যাতন কৰা ঘটনাই জোকাৰিছে অসম। আটাইতকৈ ভয়ংকৰ তথ্যটো হৈছে এতিয়ালৈকে প্ৰকাশ পোৱা নাই সংগীতা দত্তই তোলনীয়া দুই সন্তানক আঁচলতে ক'ৰ পৰা আনিছিল।
উল্লেখ্য যে ২০১৯ চনত এগৰাকী মহিলাই চিকিৎসক দম্পত্তিক যোগান ধৰিছিল ২ শিশু। কোন মহিলাই ক'ৰ পৰা কেনেকৈ শিশু দুটি আনিছিল সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। কেৱল এয়াই নহয় সংগীতা দত্তৰ ঘৰত আটক কৰা হ'ল আন এগৰাকী বন কৰা মহিলা। এই মহিলাগৰাকীৰ পৰাও আৰক্ষীয়ে লাভ কৰিছে বিতৰ্কিত চিকিৎসক দম্পত্তীৰ কেতবোৰ ভয়ঙ্কৰ তথ্য।
- Log in to post comments