অনুশোচনা হৈছে নেকি চিকিৎসক সংগীতা দত্তৰ? প্ৰথম বাৰলৈ দেখা গ'ল শান্ত সংগীতাক!

Sangeeta Dutta

আজি সংগ্ৰহ কৰিলে ডাঃ সংগীতা দত্তৰ তেজৰ নমুনা সংগ্ৰহ। তেজৰ নমুনা সংগ্ৰহৰ বাবে বুধ বাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও নানা অজুহাতৰ বাবে সংগীতা দত্তৰ তেজৰ নমুনা সংগ্ৰহ কৰিব পৰা নাছিল। সেয়ে আজি পুনৰ তেওঁক GMCH লৈ নিয়া হয় আৰু তেজৰ নমুনা সংগ্ৰহ কৰা হয়।

ডি এন এ পৰীক্ষাৰ লগতে আন যাৱতীয় পৰীক্ষা–নিৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে এই নমুনা । আজি ব্যতিক্ৰমী ৰূপত দেখা গ'ল সংগীতা দত্তক। তেজৰ নমুনা সংগ্ৰহৰ বাবে লৈ যোৱা অৱস্থাত সংগীতা দত্তক অতি শান্ত দেখা গৈছিল। পূৰ্বৰ দৰে নাছিল কোনো চিঞৰ–বাখৰ, নাই কোনো উদ্ভণ্ডালী। আনকি সাংবাদিকে কিবা ক'ব নেকি বুলি সোধোঁতেও গা–মূৰ ঢাকি লোৱা ডাঃ সংগীতা দত্তই কোনো উত্তৰ দিয়া নাছিল। এতিয়া প্ৰশ্ন হয় শিশু নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি এতিয়া অনুশোচনাত ভুগিছে নেকি ডাঃ সংগীতা দত্ত?

Category