১ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰা হৈছিল দুই নৱজাতকক; সংগীতা-ৱালিউলৰ ন-ন তথ্য পোহৰলৈ.......

sangita

ইতিমধ্যে চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ ন-ন তথ্য পোহৰলৈ আহিছে । সংগীতা-ৱালিউলৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শুকুৰবাৰে দাখিল কৰা আন এক অভিযোগনামাত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, চিকিৎসক দম্পতীয়ে জি এম চি এইছৰ পৰা অবৈধভাৱে ক্ৰয় কৰিছিল নিজ সন্তান বুলি পৰিচয় দিয়া দুই শিশুক। পূৰ্বতে যমজ সন্তান বুলি দাবী কৰা দুয়োটা শিশুয়েই বেলেগ বেলেগ মাতৃৰ বুলি শুকুৰবাৰৰ অভিযোগনামাত প্ৰকাশ পাইছে।

Sangita Dutta

ঘটনাৰ সৈতে জড়িত অভিযুক্ত উৎপলা বসু নামৰ মহিলা গৰাকীয়ে দুই সন্তান যোগান ধৰিছিল চিকিৎসক দম্পতীক। ১ লাখ টকাৰ বিনিময়ত দুই শিশুক চিকিৎসক দম্পতীৰ হাতত গতাই দিয়ে উৎপলা বসুৱে। 

উল্লেখ্য যে, অভিযুক্ত চিকিৎসক দম্পতীয়ে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দুই সন্তান নিজৰ বুলি দাবী কৰি আহিছিল।

Category