নিতৌ নতুন মোৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতন ঘটনাৰ। আৰক্ষীয়ে পুনৰ আটক কৰে এগৰাকী মহিলাক। নিশা লালগণেশৰ পৰা আটক কৰে মহানগৰ আৰক্ষীয়ে। আশাকৰ্মীৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক মহিলাগৰাকীক। ধনৰ বিনিময়ত শিশু যোগান ধৰিছিল উৎপলা বসুৱে। ইফালে আজি অন্ত পৰিব ডাঃ ৱালিউল ইছলামৰ জিম্মাৰ ম্যাদ। আজি পুনৰ আদালতত হাজিৰ কৰাব ৱালিউল ইছলামক। ৫ দিনৰ আৰক্ষীৰ জিম্মাত আছিল ৱালিউল ইছলাম।ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আজিলৈ আৰক্ষী জালত পৰিছে ৮ গৰাকী লোক। ৮ গৰাকীৰ ভিতৰতে গ্ৰেপ্তাৰ হৈছে চিকিৎসক সংগীতা দত্ত, ৱালিউল ইছলাম, বন কৰা কর্মী লক্ষী ৰায়, কাবাই লগতে সংগীতাৰ ব্যক্তিগত সহায়িকা উৎপলা বস। গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ বিৰুদ্ধে ১৯৩/২৩ নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। শিশু নিৰ্যাতনত জড়িত এই কেইজন লোকৰ বিৰুদ্ধে ৩০৭/৩২৫/৩৪১/৩৪ ৰত লগাইছে ধাৰা। ইয়াৰ লগতে 6 of pocso Act 19/20 লগাইছে ধাৰা। এই আইন অনুসৰি অভিযুক্তৰ হব পাৰে ২০ বছৰ জেল।
- Log in to post comments