Child abuse

ৰাজ্যত পুনৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। এক চাঞ্চল্যকৰ ভিডিঅ' ফুটেজে কঁপাইছে ৰাজ্য। এটি কণমানিক এগৰাকী মহিলাৰ নিৰ্মম প্ৰহাৰৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। অশালীন ভাষাৰে গালি-গালাজ কণমানিজনীক। বাঁহৰ এচাৰিৰে উপৰ্যুপৰি প্ৰহাৰ কণমানিজনীক। হোজাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ১ বছৰ বয়সতে কণমানিটিক তুলি লৈছিল দম্পতীটোৱে। ভিডিঅ'টি প্ৰত্যক্ষ কৰাৰ পিছতে নিৰ্যাতনকাৰী মহিলাগৰাকীক আটক হোজাই আৰক্ষীৰ। মহিলাগৰাকীৰ স্বামী আব্দুৰ ৰৌফককো আটক কৰিলে আৰক্ষীয়ে। উল্লেখ্য যে আব্দুৰ ৰৌফ লামডিঙৰ প্ৰাক্তন মন্ত্ৰী। আব্দুৰ ৰৌফৰ গোপাল নগৰৰ বাসগৃহত অভিযান চলালে আৰক্ষীয়ে। হোজাই থানাত উপস্থিত নাবালিকাগৰাকীৰ মাতৃ।