অৱশেষত গ্ৰেপ্তাৰ হ’ল চিকিৎসক সংগীতা দত্ত॥ অসম-মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰে সংগীতাক॥পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসকগৰাকীক॥ ৰিভয় জিলাৰ আমচিং এলেকাৰ এটা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ সংগীতা দত্তক॥ ধীৰেনপাৰা চিকিৎসালয়ত সম্পন্ন কৰা হয় স্বাস্থ্যপৰীক্ষা॥ পিছত ডাঃ সংগীতাক নিয়া হয় পাণবজাৰ মহিলা থানালৈ॥ নিশাটো পাণবজাৰ মহিলা থানাতে ৰখা হয় সংগীতাক॥ শিশু নিৰ্যাতনৰ মূল অভিযুক্ত চিকিৎসকগৰাকী॥ সংগীতাৰ স্বামী ডাঃ ৱালিউল ইছলাম আছে আৰক্ষী জিম্মাত॥ বনকৰা মহিলা লক্ষী ৰায় সম্প্ৰতি ন্যায়িক জিম্মাত॥সংগীতা দত্তক হাজিৰ কৰোৱা হ’ল CJM আদালতত॥ ADCP নন্দিনী কাকতৰি নেতৃত্বত গ্ৰেপ্তাৰ সংগীতা দত্তক॥ পাণবজাৰ মহিলা থানাত নিশা কটালে সংগীতাই॥ সাধাৰণ অপৰাধীৰ দৰেই থানাত ৰখা হ’ল সংগীতাক॥ নিশা থানাত উদ্ভণ্ডালি সংগীতা দত্তৰ॥ আইনা, ফনী, মেক-আপৰ সামগ্ৰী বিচাৰি থানাত হুলস্থূল কৰে সংগীতাই॥ শ্লিপিং টেবলেট বিচাৰিও আৰক্ষী থানাত হাহাকাৰ॥ থানাত কান্দোনতো ভাগি পৰে সংগীতা দত্ত॥ শেহতীয়াকৈ সংগীতা দত্তক লগত লৈ ঘৰত অভিযান সমাপ্ত কৰি আদালতলৈ লৈ গৈছে আৰক্ষীয়ে॥
ঘৰ পৰা ওলাই আহোঁতে ষড়যন্ত্ৰ বুলি চিঞৰি উঠিল সংগীতা দত্ত ॥ চেলিব্ৰেটি চিকিৎসক দম্পত্তীয়ে শাস্তি পোৱাটো বিচাৰে নে আপুনি?
- Log in to post comments