সংগীতা দত্তৰ নাম শুনিলেই কঁপি উঠে শিশু দুটি! এটি পুতলাক দেখি ক'লে 'তাক চাগে মাকে নামাৰে ন?'

Sangeeta Dutta

মহানগৰীৰ শিশু নিৰ্যাতন কাণ্ডৰ সন্দৰ্ভত শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ জিতুল দত্তৰ বিস্ফোৰক মন্তব্য। জিতুল দত্তই কয়- 'শিশু দুটিৰ সন্মুখত তেওঁলোকৰ মাতৃৰ নাম লোৱাৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিছো কিন্তু কাৰোবাৰ মুখত সংগীতা দত্তৰ নাম শুনা পালেই তেওঁলোকৰ গা জিকাৰ খাই উঠে। গা ৰ এনেকুৱা অংশ নাই যত দাগ নাই শিশু দুটাৰ। এতিয়া শিশু দুটাই মুক্ত মনেৰে খেলিছে , মুক্ত মনেৰে হাহিছে ।' লগতে এটা আৱেগিক  ঘটনাও বৰ্ণনা কৰে জিতুল দত্তই। তেখেতে কয়-''এটা পুতলা দেখি কণমানি কন্যা সন্তানটিয়ে পুতলাটো হাতত লৈ চাৰিওফালে ঘূৰাই চাই পুতলাটোৰ শৰীৰত কোনো দাগ প্ৰত্যক্ষ নকৰাৰ বাবে আমাক সুধে! ইয়াক চাগে মাকে নামাৰে ন?'এনেধৰণৰ নৃশংস ঘটনাৰ সন্মুখীন জীৱনত প্ৰথমবাৰৰ বাবে হোৱা বুলিও প্ৰকাশ কৰে শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ গৰাকীয়ে। 

Category