Cabinet

আজি কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। চাও আহক ঘোষণা সমূহ-
১) গুৱাহাটীত নিৰ্মাণ হ'ব ভাৰতৰ দ্বিতীয় দীৰ্ঘতম উৰনিয়া সেতু। পানবজাৰৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিৰ FCI গুডামৰ সমীপলৈকে হ'বলগীয়া ৫.৪ কিলোমিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ'ব। চাৰিলেনযুক্ত হ'ব এই উৰণীয়া সেতুখন। ৮৫২.৬৮ কোটি টকাৰে নিৰ্মাণৰ নিবিদা আৰম্ভ হ'ব। 

২) ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ন কৰাৰ বাবে প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত চানথালি ভাষাত অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব। প্ৰাক-প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত চানথালি ভাষাৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বাবে লোৱা হৈছে এই পদক্ষেপ।