কি কি সিদ্ধান্ত গ্ৰহণ আজিৰ কেবিনেটত?

Cabinet

কেবিনেটত দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ল- অসমৰ চৰকাৰে পৰ্য্যটনক উদ্যোগ হিচাপে ঘোষণা । পৰ্য্যটনৰ লগত জড়িত সকলো ব্যৱস্থাকে উদ্যোগ বুলি ধৰা হ'ব । হোটেল, লজ, বাংলো, ৰেষ্টুৰেণ্ট, স্পা, টুৰ অপাৰেটৰ চাৰ্ভিছ, ৰোপৱে, amusement park সকলোকে উদ্যোগ বুলি ধৰা হ'ব । সকলোৱে উদ্যোগ হিচাপে পাবলগীয়া সা-সুবিধা সমূহ লাভ কৰিব । এয়া অসমৰ পৰ্য্যটনৰ বাবে অভূতপূৰ্ব পৰিৱৰ্তন আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

প্ৰাৰম্ভিক ভাৱে জাগীৰোডত চেটেলাইত টাউনশ্বিপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

বহু কেইখন আইন ৰিপীলিং কৰা আৰু বহু কেইখন আইন decriminalization কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

এই সিদ্ধান্তৰ ফলত বিনিয়োগ বৃদ্ধি পাব বুলি মন্তব্য । 

 

পূৰ্বে কেৱল 3 star ৰ ওপৰৰ হোটেল সমূহকহে পৰ্য্যটন উদ্যোগত ধৰা হৈছিল । 

 

এই উদ্যোগৰ লগত জড়িত সকলোৱে ঔদ্যোগিক বিনিয়োগ, ইনছেনটিভ আৰু চাবসিদি সকলো লাভ কৰিব ।

পেপাৰ মিলৰ ৫৫০ একৰ মাটিত চেটেলাইট টাউনশ্বিপৰ কাম আৰম্ভ কৰাৰ প্ৰাৰম্ভিক চিন্তা-চৰ্চা কৰা হৈছে । 

 

পৰৱৰ্তী সময়ত স্থানীয় লোক আৰু দল সংগঠনৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব

 

হেৰিতেজ বাংলো, sports adventure, water park, পেৰা গ্লাইডিং, tea বাংলো, ৰিজৰ্টকে ধৰি সকলোকে পৰ্য্যটন উদ্যোগ বুলি ধৰা হ'ব এতিয়াৰে পৰা ।

 

পূৰ্বে 3 star আৰু তাতকৈ ওপৰৰ হোটেল সমূহেহে পৰ্য্যটন উদ্যোগৰ চৰকাৰী সুবিধা লাভ কৰিছিল । এতিয়াৰে পৰা পৰ্য্যটনৰ লগত জড়িত সকলোৱে এই সুবিধা লাভ কৰিব ।

 

গুৱাহাটীৰ পৰিসৰ বৃদ্ধি কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ।

 

জাগীৰোডলৈ গুৱাহাটীৰ পৰিসৰ বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা আজিৰ কেবিনেটত ।

Category
Profile picture for user UB Photos