ব্যতিক্ৰমী কেবিনেট! চকী–মেজ নহয়, প্ৰথমবাৰলৈ পাটিত বহি কেবিনেট বৈঠক

Himanta Biswa Sharma

চকী–মেজ নহয়, পাটিত বহি কেবিনেট বৈঠক। গুৱাহাটীৰ গান্ধী মণ্ডপৰ কেবিনেট বৈঠকত নাই চকী–মেজ। পাটিত বহিয়ে মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট বৈঠক মন্ত্ৰীসকলৰ। সম্ভৱতঃ প্ৰথমবাৰৰ বাবে পাটিত বহি কৰিব কেবিনেট বৈঠক।

মহানগৰীৰ কেতবোৰ জ্বলন্ত সমস্যাই আজিৰ কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। খোৱা পানীৰ সমস্যা, পাহাৰ বেদখল, কৃত্ৰিম বান আদি সমস্যাই কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা আছে। তদুপৰি পৰ্যটনক লৈও ইতিবাচক সিদ্ধান্ত ল’ব পাৰে ৰাজ্যিক কেবিনেটে। আজি বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব কেবিনেট বৈঠক।

Category
Profile picture for user UB Photos