Fish Mint

সাধাৰণতে সকলোতেই উপলব্ধ মছন্দৰী শাক। গ্ৰহণী ৰোগত মছন্দৰী এবিধ মহাঔষধি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। মছন্দৰী শাকৰ উপকাৰিতা সমূহ হৈছে-
১)ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিত ই ফলপ্ৰসূ আৰু উপশমদায়ক। 
২) পেটৰ বেমাৰ বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।
৩) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।  
৪)স্বাস্থ্যকৰ কলেষ্টেৰল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।