ৰোগ প্ৰতিৰোধৰ বাবে কেনেদৰে সহায় কৰে মছন্দৰী শাকে?

Fish Mint

সাধাৰণতে সকলোতেই উপলব্ধ মছন্দৰী শাক। গ্ৰহণী ৰোগত মছন্দৰী এবিধ মহাঔষধি। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়। মছন্দৰী শাকৰ উপকাৰিতা সমূহ হৈছে-
১)ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিত ই ফলপ্ৰসূ আৰু উপশমদায়ক। 
২) পেটৰ বেমাৰ বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।
৩) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।  
৪)স্বাস্থ্যকৰ কলেষ্টেৰল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।
৫)  মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।
৬) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।
৭) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।
৮) মছন্দৰীয়ে  বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।
৯) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।
 

Category
Profile picture for user UB Photos