New Year

নৱবৰ্ষৰ প্ৰাকক্ষণত সষ্টম হৈ থাকিব মহানগৰ আৰক্ষী। আজি সংবাদমেল যোগে এই ঘোষণা আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ। ৩১ ডিচেম্বৰৰ বাবে কেইবাটাও নীতি নিৰ্দেশনা।

গুৱাহাটীৰ বিভিন্ন স্থানত থাকিব আৰক্ষীৰ ভ্ৰাম্যমাণ দল। কোনো লোকে সুৰাপান কৰি চলাব নোৱাৰিব বাহন। যদিহে সুৰাপান কৰি গাড়ী চলাই তেন্তে সুৰাপায়ী চালকৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা।

লগতে সুৰাপন কৰি গাড়ী চলালে বাতিল হ'ব অনুজ্ঞাপত্ৰ। একেদৰে বাতিল হ'ব বাহনৰ আৰ চি।

আনহাতে, বাৰ, ৰেষ্টুৰেণ্ট সমূহো বন্ধ কৰিব লাগিব নিৰ্ধাৰিত সময়ত। অসামৰিক পোচাকতো আৰক্ষীয়ে চলাব অভিযান। নিয়ম মানি নতুন বৰ্ষক আদৰাৰ আহ্বান আৰক্ষী আয়ুক্তৰ।