আহক বনভোজলৈ যাওঁ...
আজি পহিলা ডিচেম্বৰ। ২০২৪ চনৰ ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰ। এটা বছৰ বাগৰ সলাবলৈ মাজত মাথো ৩০টা দিন। পোৱা- নোপোৱা হেঁপাহৰ দোমোজাৰে কেলেণ্ডাৰৰ বুকুৰ পৰা হেৰাই যোৱাৰ পথত এটা বছৰ। পুৰণিয়ে বাগৰ সলালেই প্ৰতিশ্ৰুতি থাকে নতুনৰ। তেনে নতুন আশা আৰু প্ৰতিশ্ৰুতি লৈ কেইটামান দিনৰ পিছতে কেলেণ্ডাৰৰ বুকুত থিতাপি লবহি নতুন এটা বছৰে। পুৰণিক বিদায় দি নতুনক আদৰাৰ এই ক্ষণতেই বাঢ়ে ব্যস্ততা। সেই ব্যস্ততাকো আওকাণ কৰি লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহত ওলাই আহে বহুজন। ভিৰ বাঢ়ে ৰাজ্যৰ পিকনিক স্থলীসমূহত।
- Read more about আহক বনভোজলৈ যাওঁ...
- Log in to post comments