Picnic Season

এতিয়া বনভোজৰ বতৰ! পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সকলো সাজু হৈছে। সকলো কামৰ পৰা আজৰি লৈ বছৰটোৰ শেষত বন্ধু মহল, পৰিয়াল বৰ্গ, সহকৰ্মীৰ সৈতে এসাজ খোৱাৰ এক সুকীয়া মাদকতা আছে।

কিন্তু, ৩১ ডিচেম্বৰ - নৱবৰ্ষ উদযাপনক লৈ এতিয়া কঠোৰ হৈছে ৰাজ্য় চৰকাৰ। বনভোজ খাবলৈ যাওঁতে চালকে কৰিব নোৱাৰিব সুৰাপান।

যদিহে, চালকে সুৰাপান কৰি বাহন চলাই তেন্তে বাতিল কৰা হব লাইচেন্স, লগতে ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা।

উল্লেখ্য় যে, উচ্চস্তৰৰ সংগীত বজোৱাৰ ক্ষেত্ৰতো ৰাজ্য় চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা।