কাইলৈ নতুন প্ৰভাতেৰে আলোকিত হ’ব চৌপাশ, কোন দেশে প্ৰথমেই পালন কৰিব নৱবৰ্ষ ২০২২?

New Year 2022

মাজত মাত্ৰ আৰু কেইঘন্টামান সময়। পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় সমাগত।

২০২১ বৰ্ষৰ স্মৃতি টোপোলা কৰি নতুন স্মৃতি বুটলিবলৈ সাজু হৈছে সকলো। নতুন বছৰ ২০২২ক নতুন পৰিকল্পনাৰে আৰম্ভ কৰাৰ বাবে সাজু প্ৰত্যেকজন লোক। বছৰৰ অন্তিম দিনটোত সকলোৱে ৰোমন্থন কৰিলে এৰি অহা দিনবোৰ।

প্ৰশান্ত মহাসাগৰীয় দ্বীপ টংগাই পোনপ্ৰথমে উদযাপন কৰিলে নৱবৰ্ষ ২০২২। টংগাত ভাৰতীয় মানসময় অনুসৰি বিয়লি ৩.৩০ বজাত টংগাত আদৰা হ’ল নৱবৰ্ষক। টংগা, চামুৱা আৰু কিৰিবাতি হৈছে বিশ্বৰ ভিতৰত প্ৰথমকেইখন দেশ, যিকেইখন দেশে প্ৰথমে আদৰিলে নতুন বছৰক।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমীপৰ হোলেণ্ড আৰু বেকাৰ দ্বীপত অন্তিম সময়ত আদৰণি জনোৱা হ’ব নৱবৰ্ষ ২০২২ক। এইকেইখন দেশে ভাৰতীয় মান সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত অৰ্থাৎ ১ জানুৱাৰীত আদৰণি জনোৱা হ’ব নৱবৰ্ষক।

ভাৰতীয় মানসময় অনুসৰি ৩১ ডিচেম্বৰত বিভিন্ন দেশত নৱবৰ্ষ ২০২২ উদযাপনৰ সময়:

১)নিউজিলেণ্ড: বিয়লি ৩.৩০ বজা
২)অষ্ট্ৰেলিয়া: সন্ধিয়া ৬.৩০ বজা
৩) জাপান, দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়া: নিশা ৮.৩০ বজা
৪) চীন, ফিলিপাইনছ, চিংগাপুৰ: নিশা ৯.৩০ বজা
৫)বাংলাদেশ: নিশা ১১.৩০ বজা
৬)নেপাল: নিশা ১১.৪৫ বজা
৭) ভাৰত, শ্ৰীলংকা: নিশা ১২ বজা
৮) পাকিস্তান: নিশা ১২.৩০ বজা
৯) জাৰ্মানী, ফ্ৰান্স, ইটালী, বেলজিয়াম, স্পেইন: পুৱা ৪.৩০ বজা
১০)ব্ৰিটেইন, আয়াৰলেণ্ড, আইচলেণ্ড, পৰ্টুগাল: পুৱা ৫.৩০ বজা

Category
Profile picture for user UB Photos