বনভোজৰ মাজতে অঘটন! দুই সন্তানক বচাবলৈ গৈ ধনশিৰি নৈত সন্ধানহীন হ'ল পিতৃ;

Missing  Dad

বনভোজ খাবলৈ গৈ লাগিল অঘটন। পানীত পৰা দুই কণমানি সন্তানক বচাবলৈ গৈ সন্ধানহীন হ'ল আছে NRLৰ অভিযন্তা ৰক্তিম বৰুৱা।

কালি দুপৰীয়াৰ ভাগত দুই সন্তানৰ সৈতে বল খেলি থকা অৱস্থাত গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নদীত এই দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, কালি পৰিয়ালসহ বনভোজ খাবলৈ গৈছিল ৰক্তিম বৰুৱাৰ পৰিয়ালটোৱে। বৰুৱাই নৈৰ পাৰত বল খেলি আছিল দুই সন্তানৰ সৈতে। বল খেলি থকা অৱস্থাত পানীত বল পৰাৰ পিছত দুই সন্তানে পানীৰ পৰা বল আনিবলৈ নৈত নামে। দুই সন্তানে নৈত নমা দেখি নৈৰ সোঁতত পৰিব বুলি ভাবি ৰক্তিম বৰুৱাও পানীত নামে।

কিন্তু জীয়ৰী বাৰ্বি পানীৰ পৰা উঠি আহে যদিও বৰুৱা ক্ষণিকতে ধনশিৰি নৈত সন্ধানহীন হয়। আনহাতে কণমানি পুত্ৰ বুবুক নৈৰ সোঁতত ভাহি যোৱা দেখি জীয়ৰীয়ে চিঞৰে। 

চিঞৰ শুনি ওচৰৰ দুই কিশোৰে কণমানি বুবুক নৈৰ পৰা উদ্ধাৰ কৰে যদিও বৰুৱাক দেখা নাপায়। এতিয়াও সন্ধানীন ৰক্তিম বৰুৱা। ৰক্তিম বৰুৱাৰ সন্ধানৰ বাবে ইতিমধ্যে SDRFএ অভিযান চলাই আছে।

Category
Profile picture for user UB Photos