War On Drugs

অসম আৰক্ষীৰ পৃথক অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি টকাৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে।

ডিব্ৰুগড় জিলাৰ দুলিয়াজানত আৰক্ষীয়ে মায়াবজাৰ এলেকাত অভিযান চলাই বৃহৎ পৰিমাণৰ অপিঅইড-আধাৰিত ঔষধ জব্দ কৰে।

প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে ১৩ পেকেটত পেক কৰা ১২.৮ কিলোগ্ৰাম লৈকে অপিঅইড জব্দ কৰে।

তদন্তৰ সন্দৰ্ভত তিনিজন লোককো আটক কৰিছে, আটক কৰা লোক কেইজন গণেশ চেত্ৰী, হেমন্ত চেত্ৰী আৰু কমল চেত্ৰী বুলি জানুব পৰা গৈছে।

মৰিগাঁৱত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰু নিচা জাতীয় সামগ্ৰী থকা সাতটা চাবোনবাকচ জব্দ কৰে।