আৰক্ষীৰ জালত চোৰাং ড্ৰাগ ব্যৱসায়ী, মহানগৰীৰ ISBTত জব্দ বৃহৎ পৰিমাণৰ নাৰ্কোটিক টেবলেট!

Guwahati Drug Smuggler

অসম আৰক্ষীৰ এক বৃহৎ সাফল্য, অসমত ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অব্য়াহত থকা যুজত গড়চুক আৰক্ষীয়ে মঙলবাৰে গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনাস (আইএছবিটি)ত চলোৱা এক অভিযানত এজন লোকক আটক কৰে আৰু নিচাজাতীয় টেবলেট জব্দ কৰে।

জানিব পৰা মতে আৰক্ষীয়ে যোৱা নিশা অসমৰ দক্ষিণ চালমাৰা-মানকাচাৰ জিলাৰ মানকাচাৰ অভিমুখী এখন নিশাৰ চুপাৰ বাছত তালাচী চলাইছিল।

ইফালে, গোচৰটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক মনচুৰ আলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে তেওঁৰ পৰা ৭২০০ টা নিচাযুক্ত চাম্পএফএক্স+ টেবলেট উদ্ধাৰ কৰে।

তেওঁৰ বিৰুদ্ধে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা মানকাচাৰলৈ টেবলেটৰ ভাণ্ডাৰ চোৰাং কৈ অনাৰ অভিযোগ উত্থাপিত হৈছে। জব্দ কৰা নিচাজাতীয় টেবলেটবোৰৰ বজাৰ মূল্য ৫ লাখৰ ওপৰত বুলি ধাৰণা কৰা হৈছে।

টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে লিখিছে, "#WarOnDrugs গড়চুক আৰক্ষীথানাৰ এটা ডব্লিউজিপিডি দলে আজি আই এছ বি টিৰ মানকাচাৰ অভিমুখী বাছৰ পৰা মনচুৰ আলী নামৰ চোৰাং ড্ৰাগ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ কৰে। এন.ডি.পি.এছ. নিষিদ্ধ বস্তুৰ এক বৃহৎ ভাণ্ডাৰ; তেওঁৰ পৰা ৩০০টা পটিত ৭২০০টা কেপচুল উদ্ধাৰ কৰা হৈছে। আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে। #AssamAgainstDrugs"।

 

 

Category
Profile picture for user UB Photos