মহানগৰীৰ ISBTত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ!

Guwahati

ড্ৰাগছবিৰোধী অভিযান অব্যাহত আছে অসম আৰক্ষীৰ।

গড়চুক আৰক্ষী থানা আৰু আইএছবিটি আৰক্ষী চকীয়ে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত যুটীয়াভাৱে অভিযান চলাই ISBTৰ পৰা জব্দ  কৰে কেইবালাখ টকাৰ নিষিদ্ধ হেৰোইন।

অভিযানৰ সময়ত আৰক্ষীৰ দলে ১৫০ গ্ৰাম হেৰোইন থকা ১০ টা চাবোন বাকচ উদ্ধাৰ কৰে।

অভিযুক্তজন দুজন ৰেকিব আৰু ইাবুং বুলি চিনাক্ত কৰা হৈছে, দুয়োজন মণিপুৰৰ ছাৰাইবামৰ বাসিন্দা। পেছাত চালক আৰু হেণ্ডিমেন দুই সৰবৰাহকাৰী। মণিপুৰৰ পৰা ISBTলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

টুইটাৰযোগে গুৱাহাটী আৰক্ষীয়ে লিখিছে,

"A WGPD team led by the DCP arrested one Md Rekib (35) & another Md Ibungo (34), both from Saraibam, Manipur & seized 129 gms of heroin from their possession at ISBT, Guwahati today. Rekib is the driver of a bus (MN04 P 0844) that plies between Thoubal & Guwahati."

 

Category
Profile picture for user UB Photos