Suwalkuchi

প্ৰেমেই হ’ল কাল! ব্লেকমেইলিংৰ বলী হৈ আত্মাহত্যা প্ৰেমিকা দশম শ্ৰেণীৰ ছাত্ৰীৰ। ঘটনাৰে জড়িত তিনিজনক আটক শুৱালকুছি আৰক্ষীৰ।

কামৰূপৰ শিলগুৰি ধাৰেশ্বৰ দেৱালয়ৰ পাহাৰৰ টিলাত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। প্ৰেমিক যুগলৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ কৰি ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী দুই যুৱকৰ। ঘটনাৰ পিছতেই আত্মহত্যা দশম শ্ৰেণীৰ ছাত্ৰী সোণালী ৰাভাৰ। শুৱালকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক সহঃ তিনি যুৱকক। অৰ্জুন দাস (প্ৰেমিক), নিপেন দাস, ত্ৰিদিৱ মজুমদাৰক গ্ৰেপ্তাৰ। যোৱা ১২ জুলাইত সংঘটিত হৈছিল এই ঘটনা।