এইয়াই চাগৈ প্ৰেম! প্ৰেমিক HIV প'জিটিভ, প্ৰেমিকাই চিৰিঞ্জেৰে নিজৰ দেহতো সুমুৱাই ল'লে ভাইৰাছ

Love

প্ৰেম এক মানবিক অনুভূতি আৰু আৱেগকেন্দ্ৰিক এক অভিজ্ঞতা। বিশেষ কোনো ব্যক্তিৰ প্ৰতি স্নেহৰ শক্তিশালী বহিৰ্প্ৰকাশয়েই হৈছে প্ৰেম। 

সচাঁ কবলৈ গলে মনুষ্য জীৱনৰ প্ৰেম এক স্বৰ্গীয়, অমূল্য সম্পদ যাক মূল্যৰেও কিনিব নোৱাৰি। ইয়াক বিচাৰিলেও পোৱা নাযায়, ই মনৰ ভিতৰত হৃদয়ৰ পৰা প্ৰতিফলিত হয়, শ্ৰদ্ধা ভক্তি, বিশ্বাস, মায়া সকলোবিলাক প্ৰেমৰেই অংগ মনুষ্যৰ দৰে পৃথিৱীত সকলো জীৱৰে প্ৰেম অন্তৰ্নিহিত হৈ আছে । 

বস্ত্ৰনগৰী শুৱালকুছিত সংঘটিত হৈছে প্ৰেমৰ এক শিহৰণকাৰী ঘটনা। HIV পজিটিভ যুৱকৰ সৈতে প্ৰেম এগৰাকী যুৱতীৰ।

ঘটনা অনুসৰি, হাজোৰ সাতদলাৰ এজন যুৱকৰ সৈতে শুৱালকুছিৰ এগৰাকী যুৱতীৰ তিনি বছৰ পূৰ্বে এটা সামাজিক মাধ্য়মৰ জৰিয়তে হৈছিল চিনাকি। তাৰ পিছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল প্ৰথমে বন্ধুত্ব আৰু পিচত প্ৰেমৰ সম্পৰ্ক। দুয়োৰে মাজত গঢ়ি উঠিছিল এক নিবিড় সম্পৰ্ক।

ঘটনাটো ইমানলৈ ঠিকেই আছিল। কিন্তু প্ৰেমৰ এই মধুৰ দিনবোৰৰ মাজতে দুয়োৰে জীৱনলৈ আহিল এটা বেয়া খবৰ। প্ৰেমিকৰ দেহত হঠাৎ ধৰা পৰিল মাৰাত্মক HIV। তাৰ পিছতে যুৱকজনে নিজৰ প্ৰেমিকাক অৱগত কৰিলে বেমাৰৰ কথা।

পিচে প্ৰেমিকা হৈছে নাছোৰবান্দা, নামানে বাধা। HIV পজিটিভ বুলি অৱগত হোৱাৰ পিছতো নিজৰ প্ৰেমিকৰ সৈতে তিনিবাৰকৈ পলাই গ'ল যুৱতীগৰাকী। কেৱল সেয়াই নহয়, প্ৰেমিকা যুৱতীগৰাকীয়ে HIV পজিটিভ যুৱকৰ দেহৰ পৰা চিৰিঞ্জেৰে তেজ লৈ নিজৰ দেহতো ল'লে সুমুৱাই।

অৱশেষত এই বিষয়ে হাজো আৰক্ষী থানাত প্ৰেমৰ নামত বলিয়ালি কৰা যুৱতীগৰাকীৰ পৰিয়ালে অৱগত কৰোৱাত হাজো আৰক্ষীয়ে প্ৰেমিক যুৱকজনক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে কাৰাগাৰলৈ।

Category
Profile picture for user UB Photos