UB News

জামুগুৰিহাটৰ মাধৱ গাঁৱত চুৰিকাণ্ড উপদ্ৰৱ৷ দিন দুপৰতে চুৰে চলালে তাণ্ডৱ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ পাকঘৰৰ খিড়িকীৰ ৰড ভাঙি চোৰ ভিতৰত প্ৰৱেশ কৰে আৰু লকাৰ ভাঙি ৫০হাজাৰোধিক টকা লৈ যায়৷

জানিব পৰা মতে, নিৰ্মল ভূঞা নামৰ লোকজন নিজা টমটমখন লৈ ভাড়া মৰাৰ বাবে ওলাই যোৱাৰ লগতে ভূঞাৰ পত্নীও এখন বিদ্যালয়ৰ ৰান্ধনীৰ দায়িত্ব পালন কৰাৰ বাবে পুৱাই বিদ্যালয়লৈ গৈছিল৷ ঘৰ পৰা গৃহস্থ ওলাই যোৱাৰ লগে লগে চোৰৰ দলে দিনদুপৰতে চলাই তাণ্ডৱ৷ নিজৰ সাঁচতীয়া ধন কেইটা চোৰে লুটি নিয়াত মানসিক ভাৱে ভাগি পৰিছে পৰিয়ালটি ৷