অহা ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয় বৰ্গৰ পদৰ বাবে Assam Direct Recruitment Examinationৰ পৰীক্ষা। আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা। ১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব।
উল্লেখ্য যে, ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গক পৰীক্ষাক লৈ কেতেবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাৱলী প্ৰকাশ।কৰা হৈছে। সেই নিয়মসমূহ হৈছে -
১. পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত প্ৰাৰ্থীৰ অভিভাৱক বা আন কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব।
২. প্ৰাৰ্থীয়ে কি লগত নিব পাৰিব - প্ৰাৰ্থীয়ে পৰীক্ষা দিবলৈ Admit Card আৰু লগত নিব পাৰিব নীলা বা ক’লা বল পেন, পেঞ্চিল, স্কেল, ৰবৰ, পৰিচয় পত্ৰ, ATM, ড্ৰাইভিং লাইচেন্স আৰু, নূন্যতম নগদ ধন লগত নিব পাৰিব।
৩. প্ৰাৰ্থীয়ে কি কি লগত নিব নোৱাৰিব - ম’বাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি যেনে স্মাৰ্ট ঘড়ী, স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন/স্কেনাৰ, ব্লুটুথ ডিভাইচ, এয়াৰ ফোন, মাইক্ৰ’ফোন বা অন্য কোনো সামগ্ৰী নিব নোৱাৰিব পৰীক্ষা কেন্দ্ৰত৷ ইয়াৰ লগতে কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা ইত্যাদি নিব নোৱাৰিব।
এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ দিয়াৰ ব্যৱস্থা আছে৷ পৰীক্ষাৰ OMRত চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ’বলৈ পৰামৰ্শ৷ কিয়নো OMRত ছীট এটাত কৈ অধিক নম্বৰত চিহ্নিত কৰিলে ভুল ঋণাত্মক নম্বৰ লাভ কৰিব৷
- Log in to post comments