অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড ডিগবৈ থানাৰ SI বিতু শইকীয়াৰ....

SI Bitu Saikia

ডিগবৈ থানাৰ SI বিতু শইকীয়াক ৰিজাৰ্ভ ক্ল’জড
এজন অভিযুক্তক ৰক্ষণাবেক্ষণৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জড
প্ৰেমিকাৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰিছিল যুৱকে
সন্দেহৰ আৱৰ্তত পূৰ্বৰ OC চি ভি এল মালেশ্বাম থিকে
ৰাহুল তাঁতীক গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ সকলো তথ্য

নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক প্ৰেমৰ অভিনয় কৰি ৰাহুলে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক কৰি ভিডিঅ' গোপনে মবাইল কেমেৰাত আৱদ্ধ কৰি ৰাখিছিল। ভিডিঅ বোৰ ভাইৰেল কৰি দিম বুলি ভয় দেখুৱাই ভণ্ড প্ৰেমিকে বহুবাৰ ছাত্ৰীগৰাকীৰ লগত শাৰিৰীক সম্পৰ্ক কৰাৰ অভিযোগ। 

কিন্তু কিছুদিনৰ পাছত ৰাহুলে গোপন অশ্লীল ভিডিঅ' ভাইৰেল কৰিলে। ২৭ জুনত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে ডিগবৈ থানাত এজাহাৰ দাখিল কৰে। গুৰুতৰ অভিযোগ পোৱাৰ পাছতো আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ বিপৰীতে দুয়োপক্ষৰ মাজত আপোচ মীমাংসা কৰিবলৈহে উঠি পৰি লাগিছিল।

দুইপক্ষৰ মাজত বুজাবুজি হোৱা এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ দ্বায়িত্বত আছিল ডিগবৈ থানাৰ এচ আই বিতু শইকীয়া। দুয়োপক্ষৰ বুজাবুজিৰ অন্তৰালত ধনৰ লেনদেন হোৱাৰো অভিযোগ উঠিছে।  

Category