Dhemaji Police

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে লোমহৰ্ষক হত্যাকাণ্ড। ধেমাজিৰ গোগামুখ থানাৰ অন্তৰ্গত বৰদলনি ভকত কৈৱৰ্ত গাঁৱত সংঘটিত এই হত্যাকাণ্ডটো। পত্নীক হত্যা কৰি স্বামীয়ে ল’লে চৰম সিদ্ধান্ত। এই ঘটনাটোৰ পাছতে  অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে। 

ঘটনাৰ বিৱৰণী মতে, সোমবাৰে বিয়লি সংঘটিত হয় এই নৃসংশ ঘটনাটো। ৰিপুঞ্জিত দাস নামৰ লোকজনে কোনো কথাত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ দাৰে ঘপিয়াই হত্যা কৰে। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি চুবুৰীয়াই গম পাব বুলি ততাতৈয়াকৈ লোকজনে পত্নীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়ে।