
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে লোমহৰ্ষক হত্যাকাণ্ড। ধেমাজিৰ গোগামুখ থানাৰ অন্তৰ্গত বৰদলনি ভকত কৈৱৰ্ত গাঁৱত সংঘটিত এই হত্যাকাণ্ডটো। পত্নীক হত্যা কৰি স্বামীয়ে ল’লে চৰম সিদ্ধান্ত। এই ঘটনাটোৰ পাছতে অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।
ঘটনাৰ বিৱৰণী মতে, সোমবাৰে বিয়লি সংঘটিত হয় এই নৃসংশ ঘটনাটো। ৰিপুঞ্জিত দাস নামৰ লোকজনে কোনো কথাত পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ দাৰে ঘপিয়াই হত্যা কৰে। এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি চুবুৰীয়াই গম পাব বুলি ততাতৈয়াকৈ লোকজনে পত্নীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়ে।
হাস্পতালত ভৰ্তি কৰাৰ পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে মহিলাগৰাকীক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু আদবাটতে মহিলাগৰাকীৰ মৃত্যু হয়।

জানিব পৰা মতে, মৃত চুম দাস নামৰ মহিলাগৰাকী আছিল অন্তঃসত্ত্বা। আনহাতে, ৰিপুঞ্জিত দাস পেছাত এজন শিক্ষক আছিল।
খবৰ অনুসৰি, স্বামীয়েও অন্ত:দণ্ডত ভূগি নিশাৰ ভাগত নিজৰ ঘৰতে আত্মহত্যাৰ পথ বাছি লয়।
- Log in to post comments