পইছা নিদিলে কাম নকৰে আৰক্ষীয়ে! এইবাৰ ধন দাবীত দিছপুৰ আৰক্ষী.....

Police

এইটো পাছত সিটো লজ্জানত কাণ্ডই যেন পুনৰ দাগ লগালে খাকী পোছাকত । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশকো হেঅ' জ্ঞান কৰিলে আৰক্ষী বিষয়াই । এইবাৰ ৰাজধানী দিছপুৰ থানাৰ আৰক্ষী নামিল ধন দাবীত । পইছা নিদিলে কাম নকৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, বাহনত তেল ভৰোৱা আৰু দৰমহা নোহোৱাৰ অজুহাতত এজাহাৰ দাখিল কৰিবলৈ অহা লোকৰ পৰাই ধন দাবী কৰে মহানগৰ আৰক্ষীয়ে । এই অভিযোগ তুলিছে  মহানগৰীৰ এগৰাকী ভুক্তভোগী মহিলাই । ৰাজ্যৰ আৰক্ষী বিভাগক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে দিছপুৰ আৰক্ষী থানাত ।

Police

জানিব পৰা মতে, জনৈক পেগু উপাধিৰ উপ পৰিদৰ্শকজনে গোচৰৰ তদন্ত কৰাৰ নামত ধন বিচাৰিলে দিম্পী দাস নামৰ মহিলা গৰাকীৰ পৰা । উল্লেখ্য যে মহিলাগৰাকীয়ে স্বামী বিক্ৰম দাস নিৰুদ্দেশ হোৱাৰ লগতে আন মহিলাৰ সৈতে স্বামীৰ অবৈধ সম্পৰ্কৰ গোচৰ দিবলৈ কাষ চাপিছিল দিছপুৰ আৰক্ষী থানাত । কিন্তু গোচৰ পঞ্জীয়ন কৰি তদন্ত কৰাৰ বিপৰীতে ভুক্তভোগী মহিলাগৰাকীৰ পৰা ধন দাবী কৰিয়ে দায়িত্ব সামৰিলে দিশপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক পেগুৱে ।

উক্ত ঘটনাৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কি প্ৰদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

Category